বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ
গুৱাহাটী , ২২ ফেব্ৰুৱাৰীঃ
বিশিষ্ট সাংবাদিক, চিন্তাবিদ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰাক্তন সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্তীৰ বিয়োগত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত
সংঘৰ সভাপতি মধুসুধন মেধি, উপসভাপতি তথা নব নিৰ্বাচিত সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই কয় যে চক্ৰৱৰ্তীৰ মৃত্যুত অসমে এগৰাকী বিশিষ্ট সাংবাদিক, সমাজ সচেতন ব্যক্তিক হেৰুৱালে । দৈনিক অসম , আজিৰ বাতৰি , দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতৰ সম্পাদকৰ দ্বায়িত্ব লৈ অসমৰ সংবাদ ক্ষেত্ৰক আগুৱাই নিয়া চক্ৰৱৰ্তীয়ে সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মচাৰী সকলৰ ন্যায্যপ্ৰাপ্তিৰ হকে মাত মাতিছিল । সংঘই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
আনহাতে গুৱাহাটী প্ৰেছ একাডেমীয়েও বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷





