⭕নিশামণি হালৈৰ মৃত্যুৰ এমাহ নৌহওঁতেই ঘৰখনলৈ নামিছে আন এক বিপদ

নাগাৰা নামৰ পাঠক তথা বিহুৱতী নিশামণিৰ অকাল বিয়োগৰ পিছত নিশামনিৰ ঘৰখনলৈ নামিছে আন এক বিপদ। নিশামণিৰ মৃত্যুৰ এমাহ নৌহওঁতেই আঘাতৰ সন্মুখীন নিশামণিৰ ককায়েক পংকজ প্ৰতিম হালৈ। নিশামণিৰ ককায়েক পংকজৰ গালত লোহা সোমাই ৭টাকৈ চিলাই কৰিব লগা হৈছে । ঘৰৰ বিচনাত থকা পংকজৰ পিতৃ ৰমেন হালৈয়ে সামাজিক মাধ্যমযোগে সদৰী কৰিছে এই খবৰ। পংকজৰ মুখমণ্ডলৰ ফটো শ্বেয়াৰ কৰি দেউতাকে লিখিছে ‘‘মুনুই এৰি যোৱা এমাহ নৌহওঁতেই বাবুৰ অঘটন। হে ভগৱান, এয়া তোমাৰ কি বিচাৰ প্ৰভু!’’