News24update. SSB NEWS

বিজনীত ৫৪  নং  বি,এন SSB ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

চিৰাং জিলাৰ বিজনীৰ লাউকুৰিগুৰীস্থিত ৫৪ নং বি.এন SSB ৰ মুখ্য কাৰ্যালয়ত গাম্ভীৰ্য আৰু উৎসাহ-উদ্দীপনাৰ মাজেৰে ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
অনুষ্ঠানটি শুভ উদ্বোধন কৰে গুৱাহাটী SSB হেড কোৱাৰ্টাৰৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেল হেনাম বসন্ত কুমাৰ সিঙে। দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে আয়োজিত সাংস্কৃতিক সন্ধিয়াত অসমীয়া বিহু , বড়ো জনগোষ্ঠীৰ নৃত্য ,বাঙালী জনগোষ্ঠীৰ নৃত্য, মাৰঠী নৃত্য, নাগা জনগোষ্ঠীৰ নৃত্য, পাঞ্জাবী,মাউৰাৰী জনগোষ্ঠীৰ নৃত্যৰ লগতে বিভিন্ন
জাতি-জনগোষ্ঠী , বিভিন্ন ৰাজ্যৰ লোক-সংস্কৃতিৰ মনোমোহা নৃত্য আৰু সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
অনুষ্ঠানস্থলীত দেশপ্ৰেম, সম্প্ৰীতি আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰাৰ লগতে উপস্থিত অতিথি আৰু দৰ্শকৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়।
এই বিশেষ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গুৱাগাছাস্থিত ২৭ নং বেটেলিয়ন SSB ৰ কমাণ্ডেণ্ট ধীৰাজ সিং, কাজলগাঁওস্থিত ১৫ নং বেটেলিয়ন SSB ৰ কমাণ্ডেণ্ট শচীন কুমাৰ, ২৭ নং বেটেলিয়নৰ কমাণ্ডেণ্ট (মেডিকেল) ড° কে. ডি. সিং, ৰঙিয়াস্থিত SSB শিবিৰৰ ছেকেণ্ড ইন কমাণ্ড সুনীল সিং ৰাৱাট, বৰমাস্থিত ৬৪ নং বেটেলিয়নৰ ছেকেণ্ড ইন -কমাণ্ডেণ্ট আৰ. কে. তেজ কুমাৰ সিং, বঙাইগাঁওৰ CISF কমাণ্ডেণ্ট ৰবীন্দ্ৰ মিলৰ লগতে বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকে।