অসমৰ কৰ্মৰত সাংবাদিকৰ সমস্যা সমাধানৰ বিষয়ত মুখ্যমন্ত্ৰীৰে সৌহাৰ্দ্যপূৰ্ণ আলোচনা অসম বাৰ্তাজীবী সংঘৰ
অসম বাৰ্তাজীবী সংঘৰ এটা প্ৰতিনিধি দলে আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মাদেৱক জনতা ভৱনৰ কাৰ্য্যালয়ত সাক্ষাৎ কৰি ৰাজ্যখনৰ কৰ্মৰত সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰাৰ লগতে এই সমস্যাসমূহ সমাধানৰ দাবী জনাই এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে হোৱা বাৰ্তাজীৱী সংঘৰ প্ৰতিনিধি দলটোৰ সৌহাৰ্দ্যপূৰ্ণ আলোচনাত সংঘৰ তৰফৰ পৰা অৱগত কৰা কৰ্মৰত সাংবাদিকসকলৰ সমস্যাসমূহ যুখ্যমন্ত্ৰী মহোদয়ে মনোযোগেৰে শুনাৰ পিচত তেখেতে কয় যে এইবাৰ যিহেতু তেখেতে নিজেই জনসংযোগ বিভাগৰো মন্ত্ৰীৰ দায়িত্বত আছে আৰু কম সময়ৰ ভিতৰতে বিভাগৰ আয়ুক্তৰ লগত আলোচনা কৰি বাৰ্তাজীৱী সংঘৰ স্মাৰক পত্ৰ সন্দৰ্ভত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব।তেখেতে সংঘৰ স্মাৰক পত্ৰখন নিজে মনযোগেৰে পঢ়ে আৰু তেখেতৰ ব্যক্তিগত প্ৰধান সচিবক এই সম্পৰ্কত বিভাগৰ আয়ুক্তক অৱগত কৰি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰ্হণৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীক গুৱাহাটী প্ৰেছ একাডেমীৰ প্ৰস্তাৱিত প্ৰকল্প নিৰ্মাণৰ বিষয়টো অৱগত কৰোৱাত তেখেতে ইয়াৰ অগ্ৰগতি সম্পৰ্কত লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিবৰ পৰা লগে লগে প্ৰতিবেদন বিচাৰে আৰু ইয়াৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।সংঘৰ প্ৰতিনিধি দলটোৱে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে তেখেতৰ প্ৰধান প্ৰেছ সচিব আৰু জনসংযোগ বিভাগৰ সঞ্চালককো সাক্ষাৎ কৰি সংঘৰ দাবী সন্দৰ্ভত আলোচনা কৰে।বাৰ্তাজীৱী সংঘৰ তৰফৰ পৰা এখন ফুলাম গামোচা আৰু শুভেচ্ছা পত্ৰৰে মুখ্যমন্ত্ৰী মহোদয়ক সাদৰ সম্ভাষণ জনোৱা হয়। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা অসম বাৰ্তাজীবী সংঘৰ প্ৰতিনিধি দলটোত আছিল সংঘৰ উপদেষ্টা মুকুট ৰাজ শৰ্মা,উপ-সভাপতি ভাস্কৰ শৰ্মা, সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মা, কোষাধ্যক্ষ নৱনীতা কলিতা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক তৰণী চৰণ কলিতা।






