
অসম কন্যা উমা চেত্ৰী ভাৰতীয় ক্ৰিকেট দলত অৰ্ন্তভুক্ত
অসমবাসীৰ বাবে শুভ সংবাদ আৰু সেয়া হৈছে অসম কন্যা উমা চেত্ৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব লগীয়া ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে । উইকেট কীপাৰ বেটছমেন গৰাকীয়ে অহা মাৰ্চ মাহত পাৰ্থত অনুষ্ঠিতব্য একমাত্ৰ টেষ্ট খনৰ উপৰিও এদিনীয়া আৰু টি-২০ চিৰিজটো খেলাৰ সুযোগ লাভ কৰিছে । আঘাত প্ৰাপ্ত জে কমলিনীৰ স্থানত উমা চেত্ৰীক দলত স্থান দিয়া হৈছে বুলি বিচিচিআয়ে প্ৰকাশ কৰিছে । হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় ছিনিয়ৰ মহিলা ক্ৰিকেট দলটোত উমাৰ শেহতীয়া প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰিয়েই দলত অৰ্ন্তভুক্ত কৰা হৈছে । লক্ষ্যনীয় বিষয় হৈছে উমা চেত্ৰী হৈছে অসম তথা উত্তৰ-পূবৰ পৰা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা একমাত্ৰ মহিলা ক্ৰিকেটাৰ । ক্ৰিকেট মহলৰ মতে উমাৰ বাবে এয়া এক ডাঙৰ সুযোগ হিচাপে প্ৰতিপন্ন হৈছে ।
