news24update উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত গণৰাজ্য দিৱস উদযাপন

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত গণৰাজ্য দিৱস উদযাপন।

সমগ্ৰ দেশৰ লগতে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনতো ৭৭ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে উদযাপিত কৰা হয়। ৰাতিপুৱা ৮ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠান মুকলি কৰে প্ৰধানাচাৰ্য পৰেশ দাসে । ৮:৩০ মিনিটত পতাকা উত্তোলনৰে গণৰাজ্য দিৱস আনুষ্ঠানিক ভাৱে মুকলি কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ড০ ঈশাংকুৰ শইকীয়াই । ইয়াৰ পিছতে আউনীআটী সত্ৰ গোবিন্দ ক্ষেত্ৰৰ ৰংগমঞ্চত বৰগীত, সত্ৰীয়া নৃত্য, জনগোষ্ঠী নৃত্য, যোগ ব্যায়াম প্ৰদৰ্শন কৰি উপস্থিতি তিনি শতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলক মন্ত্ৰমুগ্ধ কৰে। এই উপলক্ষে আয়োজিত সভাত উত্তৰ গুৱাহাটীৰ উপ পৌৰপতি তিলক দাস, পৰিচালনা সমিতিৰ সভাপতি প্ৰতিমা বৰুৱা, পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক মুকুটেশ্বৰ গোস্বামী, পৰিচালনা সমিতিৰ সদস্যা পৰিস্মিতা দেৱী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিলে ২৯ টা গৌৰৱোজ্জ্বল বৰ্ষ গৰকা শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ সমাজ জীৱনলৈ শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ কথাৰে উচ্চ প্ৰসংশা কৰে। ইয়াৰ পিছতে বিগত লাচিত দিৱসত আয়োজিত ৰচনা, মাৰাথান প্ৰতিযোগিতাত পদক বিজয়ী সকলক বঁটা প্ৰদান কৰাৰ উপৰিও বিগত বৰ্ষ সমূহত সুখ্যাতি অৰ্জন কৰা প্ৰাক্তন ছাত্ৰ সকলক সম্ভাষন জনোৱা হয়। – পঙ্কজ নাথৰ ৰিপৰ্ট ।