news24update বিজনীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন

বিজনীত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন।

চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত আজি বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত গাম্ভীৰ্যপূৰ্ণভাৱে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়।
কাৰ্যসূচীৰ আৰম্ভণিতে জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।
এই উপলক্ষে বিজনী মহকুমাৰ মহকুমাধিপতি অৰ্জিত মহাজনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু উপস্থিত জনসাধাৰণক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায়।

অনুষ্ঠানত আৰক্ষী বাহিনী, বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ দলে শৃঙ্খলাবদ্ধভাৱে মনোমোহা পেৰেড প্ৰদৰ্শন কৰে। পেৰেডে দৰ্শকসকলৰ বিশেষ আকর্ষণ কঢ়িয়াই আনে।
অতিথি হিচাপত অংশগ্ৰহণ কৰে – ২০ নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ বিশিষ্ট সমাজসেৱক ডঃ সুবীৰ কুমাৰ দাস সহ অতিথি বৃন্দ।
এই অনুষ্ঠানৰ জৰিয়তে সংবিধানৰ মূল্যবোধ, ৰাষ্ট্ৰীয় একতা আৰু দেশপ্ৰেমৰ বাৰ্তা জনসাধাৰণৰ মাজত পুনৰ সজীৱ হৈ উঠে।