
উত্তৰ গুৱাহাটী সাহিত্য সভাৰ (শতদল শাখা) উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱসত উত্তৰ গুৱাহাটীৰ ১০ গৰাকী বিশিষ্ট সাহিত্যিক তথা বিশিষ্ট সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয়।
শিল্পী দিৱসত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডা: অঞ্জনজ্যোতি চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক তথা কামৰূপ জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৃপেন কুমাৰ ভাগৱতী।
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ সমবেত সংগীত, কবিতা আবৃত্তি, আদিৰ লগতে সাহিত্যিক অঞ্জনজ্যোতি চৌধুৰীয়ে “মানুহে মানুহৰ বাবে” গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে।
এই অনুষ্ঠানতে বিশিষ্ট নিবন্ধকাৰ, কবি পবিত্ৰ হাজৰিকাৰ ” নিজৰ পৰিচয়” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়।
গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ ভাগৱতীয়ে।