
আই আই টি গুৱাহাটীত প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন ।
আই আই টি গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰবাসী অসমীয়াৰ প্ৰথম খন বিশ্বজনীন অধিবেশন ।
অধিবেশন খনত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বসবাস কৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ।
অধিবেশন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে “External Affairs and Textile ” বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী ।
মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ভাষণত আই অসমীৰ ধ্বজা বহন কৰা প্ৰবাসী অসমীয়া সকলক সন্মিলিত ভাৱে অসম মাতৃৰ বাবে সেৱা কৰিবলৈ আহ্বান জনায় ।
আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে অসমৰ চহকী সাংস্কৃতিক সমল সমূহ বিশ্বৰ বুকুত উজলাই তুলিবলৈ প্ৰবাসী অসমীয়া সকলক আগভাগ ল’বলৈ আহ্বান জনায় ।
বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰবাসী অসমীয়া সকলক তেওঁলোকে বিদেশত লাভ কৰা জ্ঞান অভিজ্ঞতা খিনি অসম ভূমিত বিলাই দিব পাৰিলেহে স্বদেশ স্বজাতি উপকৃত হ’ব ।
আৰম্ভণিতে অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে আই আই টি গুৱাহাটীৰ সঞ্চালক প্ৰফেছাৰ দেবেন্দ্ৰ জলিহালে ।
আজিৰ অনুষ্ঠানত বন্যপ্ৰাণী আৰু কৃত্ৰিম বুদ্ধিমত্তা, অসমৰ জীৱন্ত যাদুঘৰ, অসমৰ পৰ্যটন, অসমৰ নগৰ পৰিকল্পনা, অসমৰ বানিজ্য, অসমৰ নৱপ্ৰজন্ম, মানৱ সম্পদ ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয় ।
অসমৰ প্ৰাকৃতিক পৰিবেশত উপলব্ধ প্ৰায় ৯০০ বিধ পক্ষীৰ ওপৰতো আলোচনা কৰে কেইবাজনো বিশিষ্ট পক্ষীবিদে ।