
বৰপেটাত কাইলৈ হিন্দু সন্মিলনৰ আয়োজন
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে সমগ্র ভাৰতবৰ্ষতে নগৰীয়া বস্তি তথা গাঁও পঞ্চায়ত যাক সংঘৰ সাংগঠনিক ভাষাত মণ্ডল বোলা হয়, সেই প্ৰতিটো মণ্ডল অনুসৰি একোখনকৈ হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। সেই একেই উদ্দেশ্যেৰে সদৰ বৰপেটাৰ দল্লিদবাৰ পথাৰ (বিলৰতাৰিহাটী ৰাখাল থানৰ কাষত) ১ নং গুৰুপ্ৰসাদ বস্তিত অহা ১৮ জানুৱাৰীত দিনযোৰা বিস্তৃৰ্ণ কাৰ্যসূচীৰে এখন হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি সিদিনা পুৱা ১০-৩০ বজাৰ পৰা ক্ৰমে আমন্ত্রিত অতিথিৰ দ্বাৰা ভাৰত মাতাৰ প্ৰতিছবিত পুষ্পাঞ্জলি অর্পণ, অতিথিৰ আসন গ্রহণ, অতিথিৰ পৰিচয় আৰু সম্বৰ্দ্ধনা, বৰগীত পৰিবেশন, সমবেত সংগীত, সভাৰ উদ্দেশ্য ব্যাখ্যা, হিন্দুত্ব সন্দৰ্ভত প্রথম বক্তাৰ ভাষণ, ভোৰতাল নৃত্য, পঞ্চপৰিবৰ্ত্তণ সন্দৰ্ভত দ্বিতীয় বক্তাৰ ভাষণ,গুৰু বন্দনা হিচাপে সত্ৰীয়া নৃত্য,সংঘৰ এশ বছৰীয়া যাত্ৰা সন্দৰ্ভত তৃতীয় বক্তাৰ ভাষণ, শলাগৰ শৰাই। শেষত সমূহীয়া ৰাষ্ট্ৰ গান তথা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন আৰু সভা ভংগ। আৰু সভাৰ অন্তত প্ৰসাদ বিতৰণ কৰা হব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। উল্লেখ্য যে, প্লাষ্টিক মুক্ত, সদ্ভাৱনাপূর্ণ, মূল্যবোধযুক্ত পৰিয়াল সম্পন্ন, স্বদেশীৰ মন্ত্ৰেৰে নাগৰিক কৰ্ত্তব্য পালন কৰা সমাজ গঢ়াৰ কাৰণে সকলোকে সংকল্পবদ্ধ হোৱাৰ লগতে এবাৰ ব্যৱহাৰযুক্ত প্লাষ্টিকৰ ব্যৱহাৰ পৰিহাৰ কৰিবলৈ সংগঠণটোৱে ৰাইজলৈ আহ্বান জনাইছে। এই হিন্দু সন্মিলনত সকলোৰে সপৰিয়ালে তথা সবান্ধৱে উপস্থিত থাকিবলৈ অতি বিনম্ৰতাৰে নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে। আৰু যথা সময়ত উপস্থিত থাকি হিন্দু সন্মিলন সফল্যমণ্ডিত কৰি তোলাৰ লগতে উদ্যোক্তা ১ নং গুৰুপ্ৰসাদ বস্তি, বৰপেটা নগৰ হিন্দু সন্মিলন আয়োজক সমিতিৰ সভাপতি বাবুল কুমাৰ দাস আৰু সম্পাদক ডাঃ জ্যোতিময় শৰ্মাই ৰাষ্ট্ৰসেৱাত সকলোৰে বহুমূলীয়া অৰিহণা যুগুৱাৰ আশা প্ৰকাশ কৰিছে।





