GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY

GORESWAR POLICE STATION INAUGURATION BY BISWAJIT DAIMARY

গোৰেশ্বৰ-১২জানুৱাৰীঃ

তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানা আজি থানাৰ নতুন ভৱনৰ শিলান্যাস কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত প্ৰায় ২কোটি টকা ব্যয়ৰে নিৰ্মাণ হব গোৰেশ্বৰ আৰক্ষী থানাৰ নতুন ভৱনটি । উক্ত আচনিৰ অধীনত অত্যাধুনিক লকআপ , শৌচাগাৰ , প্ৰস্ৰাৱগাৰ আৰু জিৰণী চ’ৰা সুবিধাৰ উপৰি চহৰৰখনৰ CCTV কেমেৰাৰ সংযোগ হৈ থাকিব ।তদুপৰি লগতে সাধাৰণ লোকৰ বাবে সভাসমিতিৰ সুবিধা থাকিব বুলি মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আৰু ৰাইজৰ লগতে আৰক্ষীৰ সু-সম্পৰ্ক গঢ়ি উঠিব বুলি আশাপ্ৰকাশ কৰে তেওঁ ।