Army Online CEE Examination in Tamulpur
তামুলপুৰত সেনাবাহিনীৰ অনলাইন চিইই পৰীক্ষাৰ আয়োজন
তামুলপুৰ, ২০ মে’–
২০২৭ বৰ্ষৰ বাবে ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ আৰু জেচিঅ’/অ’আৰ পদত নিয়োগৰ বাবে অনুষ্ঠিত হ’বলগীয়া “অনলাইন কমন এণ্ট্ৰেন্স পৰীক্ষা” (চিইই) অহা ১ জুন, ২০২৬-ৰ পৰা ১২ জুন, ২০২৬-লৈ অনুষ্ঠিত হ’ব। ১৫ জুন, ২০২৬ তাৰিখটো সংৰক্ষিত দিন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। নাৰেংগীস্থিত সেনাবাহিনীৰ কাৰ্যালয়ৰ পৰা তামুলপুৰ জিলাকে ধৰি নামনি অসমৰ ১৫খন জিলাৰ জিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা এক বাৰ্তাত প্ৰকাশ যে পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড পৰীক্ষা অনুষ্ঠিত হোৱাৰ ১৪ দিন পূৰ্বে ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হ’ব। প্ৰাৰ্থীসকলে www.joinindianarmy.nic.in ৱেবছাইটত গৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।