UttarGuwahati citu protest

⭕আমিনগাৱঁত (CITU) চিটু’ৰ ধৰ্ণা কাৰ্যসূচী। নতুন শ্ৰম ক’ড বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।

শ্ৰমিক বিৰোধী বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক। চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হল আমিনগাঁও উদ্যোগিক ক্ষেত্ৰ । দেশত নতুন শ্ৰম ক’ড বাতিল কৰি পুৰণি শ্ৰম ক’ড বাহাল ৰখাৰ দাবীত উত্তৰ গুৱাহাটী সমূহ শ্ৰমিক সংগঠণ একগোট হৈ প্ৰতিবাদত বহিল । আমিনগাঁও ৰপ্তানিমুখী ঔদ্যোগিক পামৰ সমুখত শ্ৰমিক সংগঠণৰ এই ধৰ্মঘট
। পুঁজিপতিৰ স্বাৰ্থত প্ৰয়োগ কৰা শ্ৰম ক’ড বাতিল কৰক। মালিক পক্ষৰ দালালি কৰা বিজেপি চৰকাৰ হুছিয়াৰ । শ্ৰমিক বিৰোধী বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে আমিনগাঁও আকাশ বতাল কঁপাই তোলে প্ৰতিবাদকাৰীয়ে । আজিৰ এই ধৰ্নাত চিটুৰ ৰাজ্যিক উপসভাপতি বিজন দাসে এই ধৰ্নাৰ উদ্দেশ্য বাখ্যা কৰে ।
– পঙ্কজ নাথৰ ৰিপৰ্ট