Inauguration of newly constructed building of Tamulpur Higher Secondary School
Inauguration of newly constructed building of Tamulpur Higher Secondary School

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন উদ্বোধন

ৰাজ্যখনৰ মুঠ ৬৭খন বিদ্যালয়ৰ ভিতৰত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো নৱনিৰ্মিত ভৱনটো আজি সোণাপুৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্ছুৱেলী মুকলি কৰে। তদুপলক্ষ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত জিলা আয়ুক্ত চিমি কৰণে আগবঢ়োৱা আদৰণী ভাষণৰ পাছত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী, স্থানীয় বিধায়ক জলেন দৈমাৰী আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাই নিজৰ বক্তব্য আগবঢ়ায়।

ইয়াৰ পিছত ফিতা কাটি তেওঁলোকে নৱনিৰ্মিত ভৱনটো মুকলি কৰে। মুঠ ৮ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুমহলীয়া ভৱনটোত মুঠ ১৭টা শ্ৰেণীকোঠা, এটা স্মাৰ্ট কোঠা, এটা পুথিভঁৰাল, ৫টা গৱেষণাগাৰ আদি অন্তৰ্ভুক্ত হৈছে। আজিৰ অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আদিও উপস্থিত থাকে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।