ৰঙিয়া সমষ্টিৰ ৰাইজে পুণৰবাৰ বিধায়ক হিচাপে বিচাৰে ভৱেশ কলিতাক

উত্তৰ কামৰূপৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিগণিত হোৱা ৰঙিয়া সমষ্টিত সমাগত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকট কোনে লাভ কৰিব এই লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে সমষ্টিটোৰ সচেতন ৰাইজে পুণৰবাৰ ৰঙিয়া সমষ্টিত বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাক বিধায়ক হিচাপে পাবলৈ বিচাৰে। একাংশ সচেতন ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৰঙিয়াত যিজন বিধায়কে আটাইতকৈ অধিক উন্নয়ণৰ কাম কৰিছে সেইগৰাকী বিধায়ক ৰঙিয়া সমষ্টিৰ বাবে যোগ্য। বিগত সময়চোৱাত ৰঙিয়া সমষ্টিত বহু বিধায়ক হৈ আনকি মন্ত্ৰীও হ’ল । প্ৰয়াত শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৰ পিছতে ৰঙিয়াৰ ৰাইজে যদি এজন কৰ্মযোগী বিধায়ক হিচাপে পাইছে সেইগৰাকী বিধায়কে হ’ল ভৱেশ কলিতা। বিধায়ক গৰাকীয়ে দুটা কাৰ্য্যকালত বৃহত্তৰ ৰঙিয়া সমষ্টিটোৰ বাবে যিমানবোৰ উন্নয়ণৰ কাম কৰিছে হয়টো প্ৰয়াত থানেশ্বৰ বড়োৰ পিছত দ্বিতীয়জন হ’ব বৰ্তমানৰ বিধায়ক ভৱেশ কলিতা । ৰাজনৈতিক কাৰণত হয়টো বহুজনে ভৱেশ কলিতাৰ উন্নয়ণৰ কাম-কাজত প্ৰশ্ন তুলিব পাৰে কিন্তু প্ৰকৃততে যে ভৱেশ কলিতাৰ দিনত ৰঙিয়াত সংঘটিত ধৰণে সকলো দিশৰ পৰা উন্নয়ণ হৈছে এইটো অন্তৰৰে মানি ল’বলৈ সকলোৱে বাধ্য। ৰঙিয়াৰ সচেতন ব্যক্তি সকলে দাবী কৰামতে ভৱেশ কলিতা বিধায়ক হৈ থকাৰ সময়ত ৰঙিয়াৰ প্ৰতিখন গাঁওৰ ৰাষ্টা ঘাট পকীকৰণ, শিক্ষা ব্যৱস্থাৰ উন্নয়ণ, স্বাস্থ্য ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তনৰ সমান্তৰালভাৱে সকলে দিশৰ পৰা পূৰ্বতকৈ বহু গুণে উন্নয়ন হৈছে। আমি যদি লক্ষ্য কৰিব যাও তেতিয়া হ’লে ৰঙিয়াৰ আন সমস্যা বোৰৰ লগতে ৰঙিয়া খনক কেনেদৰে বান মুক্ত কৰিব পৰা যায় সেই বিষয়টো বিধায়ক গৰাকীয়ে প্ৰাধান্য দি ৰঙিয়াৰ প্ৰতিখন গাঁওত পানী নিষ্কাশনৰ বাবে কেইবাখনো দলং, কেইবাটাও কালভাৰ্ট নিৰ্মাণৰ কৰি বৰলীয়া পুঠিমাৰী আৰু নোনা নৈৰ পৰা বাৰিষা সময়ত প্ৰৱেশ কৰা পানী সমুহ অতি সহজে ওলাই যাব পাৰে তাৰ ব্যৱস্থা কৰিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন পূজিৰ সহায়ত এনেদৰে পকী দলং কালভাৰ্ট নিৰ্মাণৰ লগে লগে পথ সমূহ পকীকৰণ আৰু কংকৃতৰ ব্লকৰে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে । সমান্তৰালভাৱে ভাবে শিক্ষাৰ দিশত যদি চোৱা যায় ৰঙিয়াৰ প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নত কৰি ছাত্ৰ ছাত্ৰী সকলে যাতে উপযুক্ত শিক্ষা লাভ কৰিব পাৰে তাৰো সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে । আনকি মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী সকলে যাতে একো একো গৰাকী প্ৰশাসনিক সেৱাৰ বিষয়া হ’ব পাৰে তাৰ বাবেও প্ৰতিবছৰে সেইসকল ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে । ঠিক তেনেদৰে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি ৰঙিয়াৰ দৰে গুৰুত্বপূৰ্ণ ঠাইত মডেল হাস্পতাল স্থাপন কৰাৰ উপৰিও সামুহিক চিকিৎসালয়ৰ ক্ষেত্ৰটো বিশেষ পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে । ৰঙিয়াৰ জনসাধাৰণৰ বহুদিনীয়া সমস্যা হিচাপে পৰিগণিত হোৱা খোৱাপানী ব্যৱস্থাৰ চিন্তা চৰ্চা কৰি বিধায়ক গৰাকীয়ে ইতিমধ্যে ৰঙিয়া সাপ্তাহিক বজাৰৰ সমীপত পানী যোগানৰ বহু কোটি টকাৰ প্ৰকল্পৰ কাম হাতত লৈ এই প্ৰকল্পৰ কাম দ্ৰুতগতিত অব্যাহত আছে। ঠিক তেনেদৰে ৰঙিয়াৰ কেইবাটাও চৰকাৰী কাৰ্য্যালয়ৰ আন্তঃগাঁথনি সম্পুৰ্ণ কৰি তোলাৰ উপৰিও ৰঙিয়াৰ সমজিলাৰ কাৰ্য্যলয়ৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। দ্ৰুতগামী যাতায়ত ব্যৱস্থাটো সুচল কৰাৰ বাবে ইতিমধ্যে ৰঙিয়াত ৰেলবিভাগৰ সহযোগত বিধায়ক গৰাকীয়ে নগৰৰ মাজত অতিপ্ৰয়োজনীয় দুখনকৈ উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । ইয়াৰ লগে লগে আন এখন প্ৰয়োজনীয় ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া তিনিআলি ৰে’ল ক্ৰছিংৰ উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবে বিধায়ক গৰাকীয়ে ইতিমধ্যে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ আৰু ৰেল বিভাগৰ লগত আলোচনাত মিলিত হৈছে । ইতিমধ্যে উক্ত উৰণীয়া সেতুখনো নিৰ্মাণৰ ব্যৱস্থাটো প্ৰায়ে হোৱাৰ পথত । ইয়াৰ সমান্তৰালভাৱে চোৱা যায় যদি ৰঙিয়াত কেইবাটাও ডিজিটেল ব্যৱস্থাৰ প্ৰেক্ষাগৃহ ইতিমধ্যে ৰঙিয়া সমষ্টিৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে । বিধায়ক ভৱেশ কলিতাই ইয়াৰ সমান্তৰালভাৱে ৰঙিয়া নগৰখন কেনেদৰে সুন্দৰ কৰি তুলিব লাগে তাৰ চিন্তা চৰ্চা কৰি ৰঙিয়া পৌৰ সভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ লগত একে লগে ৰঙিয়াখন চাফ চিকুণৰ সুন্দৰ ব্যৱস্থা কৰিছে । আনকি ৰঙিয়া নগৰ এলেকাৰ ভিতৰত যাতে বৰষুণৰ জমা পানী সহজে নিষ্কাশন হয় তাৰবাবে সমগ্ৰ নগৰখনতে বহু কোটি টকা ব্যয় সাপেক্ষে নলা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে। আন কেইবাটাও উন্নয়ণৰ দিশ উল্লেখ কৰাটো সম্ভৱ নহয় যদিও মুলত মাত্ৰ দহটা বছৰত যে ৰঙিয়া সমষ্টিৰ অভিলেখ সংখ্যক দিশত উন্নতি হৈছে সেইটো কোনো দিনে ৰঙিয়াৰ ৰাইজে হয়টো পাহৰিব নোৱাৰিব । এনেধৰণে বিভিন্ন ক্ষেত্ৰত উন্নয়ণ কৰাৰ পিছত ৰঙিয়া সমষ্টিৰ পৰা পুণৰ বাৰ বিধায়ক হিচাপে ভৱেশ কলিতাকে বিচাৰে বুলি বহুজনে মতপ্ৰকাশ কৰিছে।





