খাটাৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নৰোত্তম শৰ্মাৰ দেহাৱসান।
তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় (বৰ্তমান খাটৰবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক তথা ভাওৰাগুৰী গাঁও নিবাসী নৰোত্তম শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি তেখেতে হৃদৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল। যোৱা ৯ জানুৱাৰীত তেখেতৰ শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাত তেখেতক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত চিকিৎসাধীন অৱস্থাতেই কালি নিশা ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। আজি পুৱা তেখেতৰ নশ্বৰ দেহ নাগ্ৰীজুলিৰ ভাওৰাগুৰীৰ গৃহলৈ লৈ অনা হয়। নাৰোত্তম শৰ্মাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আহি তেখেতৰ বাসগৃহত উপস্থিত হয় আৰু মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে এক শোকাকূল পৰিবেশত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।
১৯৪৭ চনত নলবাৰী জিলাৰ মাখিবাহাৰ অধ্যাপকপাৰাত জন্মগ্ৰহন কৰা নৰোত্তম শৰ্মাই শিক্ষা সাং কৰি নাগ্ৰীজুলিলৈ আহি সেই সময়ত খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ বৃত্তিত জড়িত হৈ পৰে। পিছত খাটৰবাৰী মধ্য ইংৰাজী বিদ্যালয়খন উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ হয় আৰু সুদীৰ্ঘ বছৰ শিক্ষকতা বৃত্তিত জড়িত থাকি যোৱা ২০০৬ চনত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰে। শিক্ষক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত আজি ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখে। মৃত্যুৰ সময়ত তেওঁ তিনি গৰাকী পুত্ৰ সন্তান, তিনি গৰাকী বোৱাৰী আৰু নাতি নাতিনি ইহসংসাৰত এৰি থৈ যায়।



