
গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ অৰ্থসাহায্যত পুনৰনিৰ্মাণ কৰা বিদ্যালয়ৰ দ্বাৰ মুকলি
গোৰেশ্বৰ,২২জানুৱাৰীঃ
তামুলপুৰ জিলাৰ গোৰেশ্বৰত এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ অধীনত আৰু চিটিজেন ফাউণ্ডেচনৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰা ১নং বাঘডোবা জুনিয়ৰ বেচিক স্কুলৰ দ্বাৰ আজি দুপৰীয়া মুকলি কৰে এইচ ডি এফ চি বেংকৰ পৰিৱৰ্তন আঁচনিৰ উত্তৰ পূৰ্বাঞ্চলৰ বিষয়া তানিয়া পালে।শিশুক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে আৰু সকলো ধৰণৰ সা-সুবিধাৰ ব্যৱস্থাৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনৰ দ্বাৰ মুকলি কৰি বিষয়া গৰাকীয়ে উক্ত আঁচনিৰ প্ৰতিটো কাম পৰ্যবেক্ষণ কৰে। বিদ্যালয়ৰ দ্বাৰ মুকলি কৰি বিষয়া গৰাকী স্থানীয় নিবনুৱা যুৱক-যুবতীৰ স্ব-নিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে বাঘডোবাত স্থাপন কৰা সৰিয়হ পেৰা , চিত্ৰনালা, ধূপ, প্ৰস্তুত কৰা ইউনিটটো পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে বিষয়া গৰাকীয়ে উক্ত আঁচনিৰ অধীনত খেলুৱৈৰ সুবিধাৰ্থে নিৰ্মাণ কৰা ইউথ স্প’টচ এচোচিয়েচন,বাঘডোবাৰ খেলপথাৰত উপস্থিত হয়। খেলপথাৰত চিটিজেন ফাউণ্ডেচনৰ জৰিয়তে নিৰ্মাণ কৰা, দৰ্শকৰ গেলাৰী, শৌছাগাৰ,প্ৰস্বাৱগাৰ, খোৱাপানীৰ ব্যৱস্থা , সৌৰ লাইট আদি পৰ্যবেক্ষণ কৰে। উল্লেখ্য যে এইচ ডি এফ চিৰ বিষয়া গৰাকী উক্ত খেলপথাৰত উপস্থিত হোৱাৰ লগে লগে স্থানীয় খেৰাই দলে নৃত্য-গীতেৰ আদৰি নিয়ে। তেওঁ কেইবা গৰাকী খেলুৱৈৰ লগতো মতবিনিময় কৰে। উক্ত খেলপথাৰত চিটিজেন ফাউণ্ডেচনৰ ক্ষেত্ৰ সমল ব্যক্তি কৃষ্ণকান্ত হাজৰিকাই পৰিচালনাত এখন সভা অনুষ্ঠিত হয়। সভাত এইচ ডি এফ চিৰ বিষয়া তানিয়া পাল, নন্দিতা দাস ,সঞ্চালক শ্যামল হাৰেচ, অৱসৰী শিক্ষক বাপুৰাম বড়ো, মহেশ্বৰ বড়ো,দেবেন বড়ো, ত্ৰৈলোক্য কাৰ্জি, অৰবিন্দ ডেকা, দিবাকৰ শইকীয়া আদিকে ধৰি কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত থাকে চিটিজেন ফাউণ্ডেচনৰ প্ৰকল্প বিষয়া অনচুমা ব্ৰহ্ম, সহকাৰী প্ৰকল্প বিষয়া নৱাগত দাস, ক্ষেত্ৰ সমন্বয়ক প্ৰিয়ংকা চুতীয়া, লুকাচ নাৰ্জাৰী, বিপুল ব্ৰহ্ম, সনজিত বৰ্মন, মিথিংগা বড়ো আদি।



