DARANG DISTRICT  SRIMANTA SANKARDEV SANGHYA ANNUAL CONFERENCE

শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ ৫৬ সংখ্যক বার্ষিক অধিবেশনৰ প্ৰস্তুতি।

গোৰেশ্বৰ: ২২ জানুৱাৰী:
তামুলপুৰ জিলাৰ সমীপৱৰ্তী ওডালগুৰিৰ আন্ধেৰীঘাটৰ বৰনদীঝাৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শঙ্কৰ-মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘ দৰং জিলা শাখাৰ ৫৬ সংখ্যক বার্ষিক অধিবেশনখনি ২৪ আৰু ২৫ জানুৱাৰীত খৰ্গেশ্বৰ ৰাজবংশী সমন্বয় ক্ষেত্রত উদযাপনৰ আয়োজন কৰা হৈছে।
দুদিনীয়া বাৰ্ণাধ্য কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন,প্ৰাত প্ৰসঙ্গ, নাম-প্ৰসঙ্গ, ভাগৱত পাঠৰ পিছতেই ৯ বজাত শাখাৰ অন্তৰ্গত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বৃক্ষৰোপণ কৰিব। ১০-৩০বজাত নিউ, সেনা বাহিনী, সাহিত্য শাখাৰ যৌথ সভা অনুষ্ঠিত হ’ব। ইয়াৰোপৰি দিনৰ ১.৩০ বজাত সংস্কৃতি,আইমাতৃ আৰু প্ৰচাৰ শাখাৰ যৌথ সভাৰ পিছতে শিশু আই মাতৃ কল্যাণ শাখাৰ সদস্যা পদুমী মহন্তই “দেবাহুতি” স্মৃতি গ্ৰন্থ খন ঔ
উন্মোচন কৰিব। সন্ধিয়া ৫ বজাত পুনৰ সমূহীয়া নাম কীৰ্তনৰ পিছতে দৰং জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি ভাৰত চন্দ্ৰ ডেকাৰ পৌৰোহিত্যত প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। নিশা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে জনপ্ৰিয় আমন্ত্ৰিত কণ্ঠশিল্পী মানস ভাগৱতীয়ে গীত পৰিৱেশন কৰিব।
একেদৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ পুৱা বন্তি প্ৰজ্বলন,প্ৰাত: প্ৰসঙ্গ,শৰাই নিবেদন, নাম-প্ৰসঙ্গ ভাগৱত পাঠ,ধৰ্মধ্বজ্জা উত্তোলনৰ পিছতে ৯-৩০ বজাত অধিবেশনৰ মুখ্য আকৰ্ষণ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব। দিনৰ১১বজাত দৰং জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি ভাৰত চন্দ্ৰ ডেকাৰ পৌৰোহিত্যত মুকলি ধৰ্মালোচনী সভা খন অনুষ্ঠিত হ’ব। মুকলি ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী,
বিটিচি মুখ্য কাৰ্যবাহী সদস্য,হাগ্রামা মহিলাৰী, মন্ত্ৰী পিযুষ হাজৰিকাৰ লগতে কেবাগৰাকীও বিশিষ্ট ধৰ্মালোচক। সন্ধিয়া নাম প্ৰসংগৰ পিছতে শংকৰ-মাধৱ আঞ্চলিক শাখাৰ শিল্পী বৃন্দৰ দ্বাৰা ৰামবিজয় ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। নিশা ৮ বজাত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত আমন্ত্ৰিত কণ্ঠশিল্পী বিদ্যাসাগৰে গীত পৰিৱেশন কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে অধিৱেশনৰ সভাপতি সম্পাদকে।