Final voter list released in Tamulpur
news24update

তামুলপুৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
জিলাখনত মুঠ ভোটাৰ ৪,১৯,০১৩গৰাকী

ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা তথা ১ জানুৱাৰী, ২০২৬-ক ভিত্তি হিচাপে লৈ তামুলপুৰ জিলাৰ ৪৩-তামুলপুৰ (অনুসূচিত জনজাতি) আৰু ৪৪-গোৰেশ্বৰ বিধানসভা সমষ্টিৰ ২০২৬ বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাখন আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰে নিৰ্বাচনী বিষয়া প্ৰাঞ্জল প্ৰাণ শ‌ইকীয়াৰ উপস্থিতিত এই তালিকাখন মুকলি কৰে। চৰকাৰী তথ্য অনুসৰি জিলাখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,১৯,০১৩গৰাকী, যাৰ ভিতৰত ২,১০,০১৩গৰাকী পুৰুষ, ২,০৮,৯৯৯গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। সমষ্টিভিত্তিক বিভাজন অনুসৰি তামুলপুৰ সমষ্টিত ২,১৩,৮৪৬গৰাকী আৰু গোৰেশ্বৰত ২,০৫,১৬৭গৰাকী ভোটাৰ তালিকাভুক্ত হৈছে। জিলাখনৰ সামগ্ৰিক ভোটাৰ তালিকাৰ লিংগ অনুপাত ৯৯৫-লৈ বৃদ্ধি পোৱাটো এক বিশেষ তাৎপৰ্যপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে, য’ত তামুলপুৰ সমষ্টিৰ লিংগ অনুপাত ৯৯০ আৰু গোৰেশ্বৰ সমষ্টিত ১,০০১ । বয়সৰ বিশ্লেষণ অনুসৰি জিলাখনত ১৮-১৯ বছৰ বয়সৰ নতুন ভোটাৰৰ সংখ্যা হৈছে ৯,০২৯গৰাকী আৰু সৰ্বাধিক ১,১১,৩২৬গৰাকী ভোটাৰ ৩০-৩৯ বছৰ বয়সৰ সীমাৰ ভিতৰত আছে। ইয়াৰ উপৰি জিলাখনত ২,৬৮১গৰাকী দিব্যাংগ ভোটাৰ, ১,০৭৬গৰাকী ৮৫ বছৰৰ ঊৰ্ধ্বৰ ভোটাৰ, ৩৬গৰাকী ১০০ বছৰৰ ঊৰ্ধ্বৰ জ্যেষ্ঠ ভোটাৰ আৰু ২,৫০৪গৰাকী ডি-ভোটাৰ আছে। এই চূড়ান্ত ভোটাৰ তালিকাখন জিলা আয়ুক্তৰ কাৰ্যালয়, নিৰ্বাচনী পঞ্জীয়ন আদি বিষয়াৰ কাৰ্যালয় আৰু সংশ্লিষ্ট ভোটকেন্দ্ৰসমূহৰ বিএলঅ’সকলৰ ওচৰত উপলব্ধ হ’ব। কোনো ব্যক্তিয়ে এই তালিকা সন্দৰ্ভত আপত্তি দৰ্শাব বিচাৰিলে লোকপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ২৪ অনুসৰি জিলা দণ্ডাধীশৰ ওচৰত ১৫ দিনৰ ভিতৰত আপীল কৰিব পাৰিব। ইচ্ছুক ভোটাৰসকলে ভোতাৰ তালিকাত নিজৰ স্থিতি সম্পৰ্কে অনলাইনযোগে জানিব বিচাৰিলে আগৰ “ভোটাৰ হেল্পলাইন” এপৰ বিপৰীতে “ই চি আই নেট” এপৰ জৰিয়তে চাব পাৰিব, যিটো এপ্ প্লে’ ষ্ট’ৰত উপলব্ধ। আজিৰ সভাখনত জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপৰি প্ৰাক্তন কাৰ্যবাহী সদস্য ইমানুৱেল মুছাহাৰী, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি, সাংবাদিক আদি উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।