বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুতিৰ উদ্বোধনী সভাত মন্ত্ৰী ৰনজিৎ দাস
অসমৰ ভৱিষ্যত আৰু উন্নয়নৰ দৃষ্টিভংগীক গঢ় দিয়াত আপুনিও অংশীদাৰ হওক। অসমবাসীৰ আশা-আকাংক্ষা, প্ৰত্যাশা আৰু অগ্ৰাধিকাৰসমূহ প্ৰাধান্য দি সেইসমূহক পূৰণ কৰাৰ উদ্দেশ্যৰে ‘ৰাইজৰ আকাংক্ষা বিজেপিৰ প্ৰতিশ্ৰুতি’ মূলমন্ত্ৰৰে আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ ৰ প্ৰাকক্ষণত প্ৰকাশ পাবলগীয়া ‘সংকল্প পত্ৰ’ ৰ বাবে ৰাইজৰ পৰা বিভিন্ন দিহা-পৰামৰ্শ বিচৰা হৈছে । ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি দলৰ ৰাজ্যিক কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এই সংকল্প পত্ৰ প্ৰস্তুতিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰাৰ লগতে আগন্তুক দিনত অসমৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ দৃষ্টিভংগী সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় । এই অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,পৰ্যটন,সাধাৰণ প্ৰশাসন তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ লগতে নিৰ্বাচন প্ৰবন্ধন সমিতিৰ আহ্বায়ক প্ৰদান বৰুৱা আৰু সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। আপোনাৰ পৰামৰ্শ কিদৰে পঠাব সেয়া জানি লওকঃ 7002126126 নম্বৰত মিছড্ কল দিয়ক আৰু লাভ কৰা লিংকত আপোনাৰ পৰামৰ্শ আগবঢ়াওক, bjpassamsankalp2026.com পৰ্টেলত আপোনাৰ পৰামৰ্শ আগবঢ়াওক নতুবা bjpassamsankalp2026@gmail.com ত আপুনি ই-মেইল প্ৰেৰণ কৰক।

ইপিনে উত্তৰ গুৱাহাটীৰ ৰংমহলত প্রায় ৪৭৯ কোটি টকা ব্যয়েৰে অসমৰ ন্যায়িক আন্তঃগাঁথনিৰ এক নতুন অধ্যায় আৰম্ভ হোৱাৰ দিশে অগ্ৰসৰ হৈছে । ভাৰতৰ মুখ্য ন্যায়াধীশ সুৰ্য কান্তই নতুনকৈ নিৰ্মাণ হ’বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অত্যাধুনিক ন্যায়িক টাউনশ্বিপৰ কাইলৈ শিলান্যাস কৰিব । সেই উপলক্ষে আজি উক্ত অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী দাসে। আনহাতে নলবাৰীৰ চান্দকুচিত অনুষ্ঠিত হোৱা নলবাৰী জিলা ভিত্তিক পঞ্চায়ত প্ৰতিনিধিসকলৰ কৰ্মশালাত আজি উপস্থিত থাকি আপ্লুত হয় কেবিনেট মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে। এই কৰ্মশালাখনত মন্ত্ৰী দাসৰ লগতে সতীৰ্থ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, নলবাৰী জিলা পৰিষদৰ অধ্যক্ষা গীতুমণি বৈশ্য, বিভাগৰ প্ৰধান সচিব মুনিন্দ্ৰ নাথ শৰ্মা, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ দত্ত গোস্বামীকে আদি কৰি মন্ত্ৰী দাসৰ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্য-সদস্যাসকলো উপস্থিত থাকে ।